alarm
Ask a question
Accountancy
Lainaya

কঁকাল পৰ (দুৰ্বল হ)মানে কি আৰু ইয়াৰ অৰ্থ কি?don't spam please if you don't know don't answer ​

answers: 1
Register to add an answer
Answer:
ANSWER :

  • 'কঁকাল পৰ' হৈছে এটি অসমীয়া জতুৱা-ঠাঁচ ।
  • 'কঁকাল পৰ' জতুৱা-ঠাঁচৰ অৰ্থ হৈছে দুৰ্বল হ ।

⊚ বাক্য :- বয়স বাঢ়ি অহা বাবে ৰমেনৰ দেউতাকৰ কঁকাল পৰিছে ।

___________________________________________________________

ADDITIONAL INFORMATION :

❒ জতুৱা-ঠাঁচ :-
  • ✎ জতুৱা-ঠাঁচ হৈছে একোটা ভাষাৰ স্বকীয় প্ৰকাশভংগী য'ত দুই বা ততোধিক শব্দ সংযোজন কৰি নতুন অৰ্থ প্ৰকাশ কৰা হয় ।
  • ✎ জতুৱা-ঠাঁচত ভাষাটোৰ মূল চালিকা শক্তি লুকাই থাকে ।
  • ✎ কোনো শব্দৰ ধাতুগত আৰু প্ৰত্যয়গত আদিৰ লগত শব্দবিশেষৰ সংযোগৰ দ্বাৰা জতুৱা-ঠাঁচ গঠন কৰা হয় ।
  • ✎ জতুৱা-ঠাঁচৰ অৰ্থ ইয়াত সংযোজিত মূল শব্দৰ স্বকীয় অৰ্থতকৈ ভিন্ন হয় ।
  • ✎ জতুৱা-ঠাঁচৰ ব্যৱহাৰৰ ফলত কোনো এটা ভাষা ৰসপূৰ্ণ আৰু হৃদয়গ্ৰাহী হৈ উঠে ।
  • ✎ জতুৱা-ঠাঁচৰ ইংৰাজী প্ৰতিশব্দ Idiom ।
❒ জতুৱা-ঠাঁচৰ উদাহৰণ :-
  • আকাশত চাং পতা
  • আঠু লোৱা
  • কাণ পতা
  • কলম ধৰা
  • কপাল ফুলা
  • গাই বাই চা
  • ঘৰ পতা
  • চকু কপালত উঠা
  • হাত দীঘল
  • পানীত হাঁহ নচৰা
118
Matvej
For answers need to register.
9
cents
The time for answering the question is over
Contacts
mail@expertinstudy.com
Feedback
Expert in study
About us
For new users
For new experts
Terms and Conditions